Sunday, August 7, 2016

Press Brief for the 7th Anniversary Celebration on 24th July 2016


Please enjoy the some of the snaps from the 7th anniversary celebration:





প্রেছ বিজ্ঞপ্তি

        মহেশ্বৰ নাথ সোঁৱৰণী গ্রন্থাগাৰ
  (মহেশ্বৰ নাথ সোঁৱৰণী ন্যাসৰ দ্বাৰা  চৰকাৰীভাবে স্বীকৃত)

গোৱালপাৰা জিলাৰ আগিয়াত অৱস্থিত মহেশ্বৰ নাথ সোঁৱৰণী গ্রন্থাগাৰৰ সপ্তম বর্ষপূৰ্তিৰ বঁটা বিতৰণী অনুষ্ঠান আঢ়ম্বৰপূৰ্ণ কাৰ্য্যসূচীৰে যোৱা ২৪ জুলাই তাৰিখে অজগৰ ভেলী একাডেমী, আগিয়া প্রাঙ্গনত উদযাপন কৰা হয়|এই অনুষ্ঠানতে গ্রন্থাগাৰৰ যোৱা সপ্তম বৰ্ষৰ আটাইকেইটা (মুঠ চাৰিটা) ত্রৈমাসিক (Quarter) ৰ সর্বশ্রেষ্ঠ পঢ়ুৱৈ সকলৰ নাম ঘোষণা কৰাৰ লগতে পুৰস্কৃত কৰা হয় ।ইয়াৰ লগতে যোৱা মেট্রিক পৰীক্ষাত অনুকৰণীয় ফলাফল দেখুওৱা গ্রন্থাগাৰৰ নিয়মীয়া সদস্যকো সম্বৰ্ধনা জনোৱা হয়।

এই অনুষ্ঠানতে পুনেৰ প্রথমেশ কৃশাঙ্গ ৰ দ্বাৰা পৰিচালিত আৰু আগিয়া মনজিৎ নাথৰ দ্বাৰা লিখিত এটি সঁচা কাহিনীৰ ওপৰত নিৰ্মাণ কৰা আন্ত:ৰাষ্ট্রীয় বঁটা বিজয়ী চুটি ছবি “One Last Question” ও প্রদৰ্শন কৰা হয়  এই অনুষ্ঠানত চিনেমা খনৰ লগত জড়িত কলা-কুশলী আৰু অন্য ব্যক্তিসকল উপস্থিত থাকে

উল্লেখ্য যে বলবলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় মহেশ্বৰ নাথৰ নামত প্রতিষ্ঠিত মহেশ্বৰ নাথ সোঁৱৰণী(.না.সো)ন্যাসে যোৱা সাতবছৰ ধৰি আগিয়া অঞ্চলত বহুত সামাজিক কাৰ্য্যসূচী গ্রহণ কৰি আহিছে | এই গ্রন্থাগাৰটো ম.না.সো. ন্যাসৰ প্রথম আৰু উল্লেখযোগ্য প্র্রকল্প | “Home Library Concept” মতে স্থাপন কৰা এই গ্রন্থাগাৰটোত প্রায় ৪০০০কিতাপ আৰু আলোচনী মজুত আছে |

বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাই ডাঙৰীয়াই এই পুথিভৰাঁলটো দৰ্শন কৰি দুশৰো অধিক কিতাপ উপহাৰ হিচাপে আগবঢ়ায় দিল্লীৰ National Book Trust (NBT) ৰ নিৰ্দেশিকা ৰীতা চৌধুৰী বাইদেউয়ে গ্রন্থাগাৰৰ বাবে ২০০ ৰো অধিক উপহাৰ হিচাপে পঠিয়ায় যিটো সময়ত অসমৰ প্রায় আটাইবোৰ গ্রামীণ পুথিভঁৰাল লোপ পোৱাৰ উপক্রম হৈছে, আগিয়াৰ নাথ পৰিয়ালৰ এই ঘৰুৱা গ্রন্থাগাৰটো হৈছে এটা ব্যতিক্রমী নিদৰ্শন |

“এটি ইচ্ছা, এটি সপোন আৰু এটি অনুভৱ”- এই ধাৰণাৰে ২০০৯ চনৰ ১ জুন তাৰিখে প্রাৰম্ভণি কৰা গ্রন্থাগাৰটোৰ ত্রৈমাসিকৰ পুৰস্কৃতসকলৰ তালিকাখন ঘোষণা কৰি সহ-স্থাপিকা তথা পৰিচালিকা শ্রীমতী হিৰণপ্রভা দেৱীয়ে জানিবলৈ দিয়ে যে কিতাপ পঢ়াৰ প্রতি আগ্রহ বঢ়াই তোলাৰ উদ্দেশ্যেৰে গ্রন্থাগাৰৰ মুখ্য উদ্দেশ্য। “Home Library Concept” অনুসাৰে কেৱল ম.না.সো. গ্রন্থাগাৰটোৰ প্রসাৰণ কৰাটোৱে আমাৰ উদ্দেশ্য নহয়; ঘৰুৱা গ্রন্থাগাৰৰ ধাৰণা আৰু উদ্দেশ্যই অসমৰ গ্রামীণ পুথিভঁৰাল ব্যৱস্থাটোক কেনেকৈ পুনৰ্জীবিত কৰিব পাৰে, আমি সেয়াহে অনুসন্ধান কৰিব লাগিব”, হিৰণপ্রভা দেৱীয়ে আমাক জানিবলৈ দিয়ে

:২০১৫-১৬ বছৰৰ পুৰস্কৃতসকল:
সৰ্বোচ্চ পঢ়ুৱৈৰ বঁটা

) প্রথম ত্রৈমাসিক(১জুন,১৫ৰ পৰা ৩১আগষ্ট,১৫লৈ)       : দীপিকা ৰাভা (Library id-227)
) দ্বিতীয় ত্রৈমাসিক(১চেপ্তেম্বৰ,১৫ৰ পৰা ৩০নভেম্বৰ,১৫লৈ)  : অংকিতা কলিতা (Library id-247)
) তৃতীয় ত্রৈমাসিক(১ডিচেম্বৰ,১৫ৰ পৰা ২৮ফেব্রুৱাৰী,১৬লৈ): তনুস্মিতা কলিতা (Library id-228)
৪) চতুৰ্থ ত্রৈমাসিক(১মাৰ্চ,১৬ৰ পৰা ৩১মে,১৬লৈ)     : দিবাকৰ কলিতা (Library id-245)

:মেট্রিকৰ ভাল ফলাফল:  
সূৰুজ প্রতীম বৰা

টোকা: বঁটা প্রদানৰ ক্ষেত্রত পুনৰাবৃত্তি ৰোধ কৰা হৈছে 

No comments:

Post a Comment